নিউজ ডেস্ক: বহুকেইটা কুখ্যাত সন্ত্ৰাসবাদী সংগঠনে উত্তৰ-পূবত খোপনি পুতিবলৈ চেষ্টা চলাই আছে, এই বিস্ফোৰক মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।
বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়, ” al Qaeda-কে এই সন্ত্ৰাসবাদী সংগঠনসমূহে এতিয়া অসমৰ যুৱচামক আকৰ্ষিত কৰিবলৈ বাংলা ভাষাত তেওঁলোকৰ মুখপত্ৰ প্ৰকাশ কৰা আৰম্ভ কৰিছে। এইয়া এক ভয়ংকৰ কথা।”
অৱশ্য এই পৰ্যন্ত অসমৰ যুৱচামে নিজকে এনে শক্তিসমূহৰ প্ৰচাৰৰ পৰা নিজকে বচাই ৰাখিছে বুলি মহন্তই লগতে কয়।
উল্লেখযোগ্য যে শেহতীয়া অসম আৰক্ষী জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হৈ দেখা গৈছে। আৰক্ষীক জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে এটাৰ পিছত আনটো অভিযান চলোৱা দেখা গৈছে।
বুধবাৰে আৰক্ষীয়ে এক অভিযান চলাই গোৱালপাৰাত বাংলাদেশৰ নিষিদ্ধ ঘোষিত জেহাদী সংগঠন Ansarullah Bangla Team (ABT)-ৰ এজন সদস্যক আশ্ৰয় প্ৰদান কৰাৰ অভিযোগত এজন লোকক গ্ৰপ্তাৰ কৰাৰ পিছত আজি ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলায়।
আজি মৰিগাঁও জিলাৰ মৈৰাবাৰীত এখন মাদ্ৰাছা জেহাদীৰ ধনেৰে চলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মাদ্ৰাছাখন ছীল কৰি দিয়ে আৰক্ষীয়ে। মাদ্ৰাছাখন ছীল কৰাৰ লগতে আৰক্ষীয়ে জেহাদীৰ লিংকমেনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে মুফতি মুস্তফা নামৰ এজনক।
ইয়াৰ পিছতে আৰক্ষীৰ জেহাদী বিৰোধী অভিযান চলে মহানগৰী গুৱাহাটীত। মহানগৰীৰ হাতীগাঁও অঞ্চলত অভিযান চলাই আৰক্ষীয়ে জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত চাৰিজনক আটক কৰে। হাতীগাঁৱৰ সিজুবাৰীৰ খানকাৰ পৰা আটক কৰা হয় শ্বাহানুৰ আলম, মৰোগ্ৰ আলী, ছিদ্দিক আলী আৰু আছমত আলীক আটক কৰে।