নিউজ ডেস্কঃ প্ৰাৰ্থী আৰু শিক্ষা বিভাগৰ বোজা হ্ৰাস কৰাৰ বাবেই ৰাজ্য চৰকাৰে অহা দুবছৰলৈ শিক্ষকৰ যোগ্যতামাপক পৰীক্ষা বা চমুকৈ টেট অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে তেজপুৰত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।
ইফালে, ৰাজ্যত খালী হৈ থকা ১২ হাজাৰ শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া অহা ১০ মে’ ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি কয়। কিন্তু ১২ হেজাৰ পদৰ ভিতৰত কিছুমান কাৰিকৰী কাৰণৰ বাবে কিছুসংখ্যক পদ শীঘ্ৰে পূৰ্ণ নহ’ব পাৰে । যাৰ বাবে ১০ মে’ ত ৮ হাজাৰৰ ওপৰত শিক্ষকৰ পদ নিযুক্তি হ’ব বুলি দৃঢ়তাৰে মন্ত্ৰী গৰাকীয়ে কয়।
চৰকাৰী বিদ্যালয়ত ইংৰাজী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিক লৈ বিতৰ্ক হোৱা বিষয়ত প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে, ‘কি ক’ত বিতর্ক চলি আছে? ক’তো বিতর্ক চলা নাই। যিসকলে বিদ্যালয় দেখা নাই, বিদ্যালয়লৈ নাযায়, বিদ্যালয়ৰ লগত যিসকল মানুহৰ সম্পৰ্ক নাই, তেনেকুৱা কিছুমান মানুহৰ মাজত হয়তো বিতর্ক চলি আছে। মইতো ক’তো বিতৰ্কৰ মুখামুখি হোৱা নাই। আমাৰ মাধ্যম যিধৰণে আছে তেনেধৰণে থাকিব, তাক লৈ চিন্তিত হোৱাৰ কোনো কাৰণ নাই। কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়াৰ লগে লগে আমি ইংৰাজী শিকাব লাগিব আৰু শিকোৱাৰ কাৰণে আমি দুখন কিতাপ ওপৰঞ্চিভাৱে ইংৰাজী ভাষাত দিব বিচাৰিছো। গতিকে মাধ্যমৰ কোনো ক্ষয়-ক্ষতি নহয়’ ।