গুৱাহাটী : ঘোষণা কৰা হ’ল ২০২১ চনৰ ৰাজ্যিক প্ৰাথমিক টেট পৰীক্ষাৰ ফলাফল। বুধবাৰে পুৱা ১১ বজাত ঘোষণা কৰা হ’ল টেট পৰীক্ষাৰ ফলাফল।
নিম্ন প্ৰাথমিক টেট পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ১৪৪০৬৫ গৰাকী প্ৰাৰ্থী। ইয়াৰে মুঠ ২৩৩৯৪ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হ’ল। নিম্ন প্ৰাথমিকত উত্তীৰ্ণৰ হাৰ ১৬.২৪ শতাংশ।
লগতে পঢ়ক : নাগালেণ্ডৰ নাৰকীয় ঘটনাৰ পাছত কঠোৰ স্থিতি গ্ৰহণ ENPOৰ
উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হৈছিল মুঠ ১১৪৭১৯ গৰাকী প্ৰাৰ্থী। উত্তীৰ্ণ হৈছে মুঠ ২০৬৩৯ গৰাকী।
সেই অনুসৰি উত্তীৰ্ণৰ হাৰ ১৭.৯৯ শতাংশ।
ফলাফল ঘোষণাৰ পিছত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে প্ৰশ্ন কাকত ফাদিল হোৱা সম্পৰ্কত কয়, পৰীক্ষাৰ সময়ত প্ৰশ্ন কাকত ফাদিল হোৱা নাই। OMR শ্বিটত বিসংগতি হৈছিল। তদন্ত কৰিহে ফলাফল ঘোষণা কৰা হৈছে। শিলচৰৰ পৰা এজনক গ্ৰেপ্তাৰ কৰা হৈছিল।