টেট শিক্ষক সকলৰ প্ৰতিবাদত আজি উত্তাল হ’ল মহানগৰীৰ কাহিলীপাৰাৰ সৰ্বশিক্ষা মিছনৰ চৌহদ।মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবাদক লৈ কাৰ্বি আংলঙত ক’লে শিক্ষকে ৰাজপথত আন্দোলন কৰাৰ পৰিবৰ্তে পাঠদান কৰিলেহে ভাল পাম। শিক্ষক সকলে যদি তেওলোকে কিবা পাপ্য নোপোৱা বুলি ভাবিছে ৰাজপথত আন্দোলনৰ পৰিবৰ্তে ন্যায়ালয়ৰ কাষ চাপিব লাগে।
এই প্ৰতিবাদক লৈ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ মন্তব্য শিক্ষকসকলৰ এই আন্দোলন অপ্ৰয়োজনীয় আৰু অনাকাংক্ষিত। ঠিকাভিত্তিক টেট শিক্ষকৰ ৬০ বছৰলৈ চাকৰিৰ নিশ্চিত প্ৰদান কৰা হৈছে। লগতে নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। এতিয়া সেইসকল শিক্ষকৰ দাবী তেওলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। শিক্ষকসকলে নিজেই এখন চুক্তিত চহী কৰি এতিয়া সম্পূৰ্ণ নিয়মীয়াকৰণ কৰিব লাগে, এয়া কেনেধৰণৰ দাবী বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে।
শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়, “মৰগীয়া বানচৰ সমস্যাটো সমাধানৰ বাবে কালিৰ দিনটোতো মই নিজে আলোচনাত বহিছো, তাৰ পিছত এই প্ৰতিবাদ কিয় নাজানো।”
টেট শিক্ষকৰ আজিৰ আন্দোলনৰ সময়ত আৰক্ষীয়ে টানি-আজুৰি আটক কৰিলে টেট শিক্ষকক! ৪০হাজাৰ টেট শিক্ষকৰ বিভিন্ন দাবীৰে উত্তাল কাহিলীপাৰাৰ সৰ্বশিক্ষা মিছনৰ কাৰ্য্যালয়ৰ সন্মুখভাগ। আৰক্ষী-প্ৰশাসনৰ বাধাকো নেওচি ন্যায্য দাবীৰে হাজাৰ হাজাৰ টেট শিক্ষকে ঘেৰাও কৰিলে সৰ্বশিক্ষা মিছনৰ কাৰ্য্যালয়।
এই শিক্ষক সকলে মুখ্যমন্ত্ৰীক দিলে ৩১ মাৰ্চলৈকে সময়। সমস্যা সমাধান নহ’লে আকৌ আন্দোলনৰ হুংকাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ।