প্ৰাপ্য দাবীত প্ৰাথমিক ঠিকাভিত্তিক টেট উত্তীৰ্ণ সকলৰ উত্তাল প্ৰতিবাদ। মহানগৰী গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাথমিক ঠিকাভিত্তিক টেট উত্তীৰ্ণ সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
চাকৰি নিয়মীয়াকৰণ, বকেয়া আদায় দিয়া, ৩০ মাহে বঞ্চিত হৈ থকা ৫% মৰগীয়া বানাচ মোকলাই দিয়া আৰু ২০২০ চনৰ কেবিনেটৰ অনুমোদিত সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বাজেট অধিৱেশনত শিক্ষকসকলৰ বাবে ভাল খবৰ লৈ আহিব বুলি প্ৰতিশ্ৰুতি দিছিল। যোৱা ১১ মাৰ্চত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ লগত হোৱা আলোচনাত শিক্ষামন্ত্ৰী গৰাকীয়ে এই আশ্বাস দিছিল যদিও
ঘোষিত বাজেটত শিক্ষকসকলৰ বাবে কোনো ধৰণ ঘোষণা কৰা নহ’ল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তাতেই জাঙুৰ খাই উঠিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ।
আনহাতে টেট শিক্ষকসকলৰ প্ৰতিবাদী কাৰ্যসূচীলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সমৰ্থন আগবঢ়াইছে বুলি জানিব দিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকলে প্ৰতিবাদৰ ফলত জতীয়-লালগণেশ পথত তীব্ৰ যানযঁতৰ সৃষ্টি হয়। আৰক্ষীয়ে ইতিমধ্যে বহু প্ৰতিবাদকাৰীক আটক কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply