টেট শিক্ষকক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। টেট শিক্ষকৰ নথি-পত্ৰ পুনৰ পৰীক্ষা কৰিব চৰকাৰে। ২১ খন জিলাৰ টেট শিক্ষকৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ।
২২ অক্টোবৰৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকক প্ৰতিবেদন দিবলৈ কোৱা হৈছে। ভুৱা টেট শিক্ষক ধৰা পৰাৰ পিছতেই ৰাজ্য চৰকাৰে এই ঘোষণা কৰিছে।
ইতিমধ্যে কোকৰাঝাৰ, ওদালগুৰি, চিৰাং আৰু বাক্সা জিলাৰ পৰা ৩৬ জনকৈ ভুৱা প্ৰমাণপত্ৰ লৈ টেট শিক্ষকৰ চাকৰি কৰি থকা লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।