তেজপুৰঃ ঠগ, প্ৰবঞ্চক, চুৰি – ডকাইতিৰ লগতে দালাল চক্ৰৰ বিৰুদ্ধে বৰ্তমান চৰকাৰখন সষ্টম হৈ ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও বৰ্তমানেও যে এনে প্ৰক্ৰিয়া ৰাজ্যখনত অব্যাহত আছে সেই কথা তেজপুৰ আছুৱে ফাদিল কৰা এক ভয়ানক কেলেংকাৰীৰ তথ্যই স্পষ্ট কৰি তুলিছে।

শোণিতপুৰক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি গাড়ী ভাড়ালৈ লোৱা এক অসৎ ব্যৱসায়ী চক্ৰই ৰাজ্যখনৰ হাজাৰ হাজাৰ গাড়ী ব্যৱসায়ৰে জড়িত নিবনুৱা যুৱকক প্ৰবঞ্চনা কৰি মাধমাৰ দি আহিছে শেহতীয়াকৈ সেই কথা তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পোহৰলৈ আনিবলৈ সক্ষম হোৱাত এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তেজপুৰৰ পৰ্যটন নিবাসৰ সভাকক্ষত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই একাংশ প্ৰবঞ্চিত তথা ভুক্তভোগী গাড়ী ব্যৱসায়ৰ লগত জড়িত খিলঞ্জীয়া যুৱকক লৈ আয়োজন কৰা সংবাদ মেলত সম্পূৰ্ণ তথ্য সহ এই বৃহৎ প্ৰবঞ্চনাৰ ৰেকেট ফাদিল কৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰ আৰু সম্পাদক দেৱাঞ্জন পাঠকে।

লগতে পঢ়কঃড্ৰাগছ মাফিয়া বাবা হাজৰিকাৰ সম্পূৰ্ণ সম্পত্তি ছীল

প্ৰায় এক ডেৰ বছৰ ধৰি চলি থকা এই ভয়ানক ৰেকেট আছুৱে ধৰা পেলোৱাৰ পিছত বাগানত দিম বুলি চুক্তি কৰি অনা গাড়ী সমূহ সন্ধানহীন হোৱাৰ পিছত কলিয়াবৰৰ মন্ত্ৰী কেশৱ মহন্তৰ ভতিজাকৰ ঘৰত আৰু কোনো বাগানৰ সভাপতিৰ বাসগৃহত উদ্ধাৰ হয় গাড়ীকেইখন।

চাহ মজদুৰ সংঘৰ নেতা হিচাপে পৰিচয় দিয়া বিশ্বনাথ চাৰিআলিৰ বিজু গোৱালা নামৰ এজন ব্যক্তিৰ নেতৃত্বত পাঁচ-ছয়জন লোকে দীৰ্ঘদিন চাহ বাগিচাত গাড়ী দিয়াৰ নামত চলাই আহিছে লুন্ঠন। এই সন্দৰ্ভত আছুৱে ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply