তেজপুৰঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত টেঙাবস্তি গাঁৱত ট্ৰেক্টৰ দুৰ্ঘটনা।
ইটা কঢ়িওৱা এখন ট্ৰেক্টৰে এখন ভাঙি থকা দেৱালত খুন্দা মৰাৰ ফলত গাত ইটা পৰি জেহেৰুল ইছলাম নামৰ এজন ১৮ বছৰীয়া যুৱক গুৰুতৰভাৱে আহত হয়। লগতে এই দুৰ্ঘটনাত দুটা গৰুৰ মৃত্যু হয়।
ইয়াৰ পিছতেই স্থানীয় ৰাইজ ক্ষোভিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন জ্বলাই দিয়ে।
লগতে পঢ়কঃশিক্ষা প্ৰতিষ্ঠানক কৰ পৰিশোধ কৰিবলৈ এমাহৰ সময়সীমা
ঘটনাস্থলীত তৎক্ষণাত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়।
বৰ্তমান পৰিস্থিতি ক্ষান্ত বুলি মন্তব্য কৰিছে বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই।