তেজপুৰঃ তেজপুৰৰ হলেশ্বৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। পথৰ দাঁতিত থকা প্ৰকাণ্ড গছ উভালি পৰিল এল্ট’ বাহনৰ ওপৰত। বালিপৰাৰ পৰা তেজপুৰৰ অভিমুখে আহি আছিল এল্ট’ বাহনখন। সেইসময়ত বাহনখনৰ ভিতৰত নাছিল কোনো লোক।
লগতে পঢ়কঃদুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলিল এখন বাহন
গাড়ীখন পথৰ দাঁতিত ৰখাই গাড়ীৰ বাহিৰত চালকজনে ম’বাইলত কথা পতাৰ সময়তে পথৰ দাঁতিত থকা এডাল প্ৰকাণ্ড গছ বাহনখনৰ ওপৰত বাগৰি পৰে। এল্ট’ গাড়ীখনৰ নম্বৰ এএছ ১২ এল২৬৬৮। গাড়ীখন তেজপুৰৰ নিৱাসী আব্দুল কুদ্দুচৰ বুলি জানিব পৰা গৈছে।