তেজপুৰঃ তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ কাৰিকৰী সহায়ক বিশ্ব দাসৰ মৃত্যু। উল্লেখ্য যে, বিয়লি বিশ্ব দাসে নিজৰ চাৰিচকীয়া বাহনখনেৰে নপামৰ ভাড়া ঘৰৰ পৰা কোনো অজ্ঞাত কাৰণত ওলাই অহাৰ পিছত হঠাৎ বিশ্ববিদ্যালয়ৰ কাষৰে পথৰ কাষৰ পুখুৰীত বাহনখন পানীত পৰি যায়।
ইয়াৰ পিছতেই ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ যুৱক গৰাকীক উদ্ধাৰ কৰি তেজপুৰৰ সুখদা হাস্পতালত ভৰ্তি কৰে যদিও আজি পুৱা চিকিৎসালয়খনতে।
আৰু পঢ়কঃতেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু সৌৰভ বৰকটকীক বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ শলাগ
এনেদৰেই যুৱক গৰাকীক স্হানীয় ৰাইজে উদ্ধাৰ কৰাৰ পিছত তেজপুৰৰ সুখদা হাস্পতালত ভৰ্তি কৰে যদিও আজি পুৱা চিকিৎসালয়খনতে যুৱকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
পিছে কি কাৰণত বিশ্ববিদ্যালয় বন্ধ থকাৰ অৱস্থাত লকডাউনৰ সময়ছোৱাত কৰ্মচাৰী গৰাকী নিজৰ ভাড়া ঘৰৰ পৰা গাড়ীৰে ওলাই আহিছিল সেই বিষয়ে ৰহস্যৰ আৱৰ্ত্তত ।