YouTube video

তিনিচুকীয়া: চাৰিটি অনাথ শিশু মনিকা, অভিক, ৰাণী আৰু ৰশ্মিক পিতৃ-মাতৃৰ বুকুৰ উম দিবলৈ সুদূৰ ইউৰোপৰ পৰা আহিল দুটা পৰিয়াল।

মাকুমস্থিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহই আছিল এই অনাথ শিশুকেইটাৰ আশ্ৰয়স্থল। পিতৃ-মাতৃৰ হেৰুৱা মৰম – ভালপোৱাবোৰ এই শিশুগৃহৰ বুকুতেই বিচাৰি পাইছিল । 

প্ৰায় চাৰিটা বছৰ এই শিশুগৃহতে কটোৱা মনিকা, অভিক, ৰাণী আৰু ৰশ্মিক হেৰুৱা পিতৃ- মাতৃৰ স্নেহ প্ৰদান কৰিবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ইউৰোপৰ মাল্টা নামৰ ঠাই খনৰ পৰা  ডৰিলি ভীলা, এলটন ভীলা আৰু কাউডিয়েন মাইচিলি নামৰ দুটা পৰিয়াল আগবাঢ়ি আহিল।

দত্তক গ্ৰহণৰ সকলো যাৱতীয় কাম সম্পন্ন কৰি তেওঁলোক তিনিচুকীয়াত উপনীত হৈ গংগাবাৰীস্থিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহতে ভৰি দিয়েহি।

শিশুগৃহৰ সকলোৱে এই বিদেশী অতিথি তিনিগৰাকীক উষ্ণ আদৰণি জনোৱাৰ লগতে অসমীয়া জা-জলপানেৰে আপ্যায়ন কৰে।

আৰু পঢ়ক: তেজপুৰ খলিহামাৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

শিশুগৃহৰ তৰপৰ পৰা অতিথি তিনিগৰাকীকে সভাপতি প্ৰেমেন্দ্ৰ শৰ্মা, উপসভাপতি ললিত গগৈ, সমাজকৰ্মী তথা শিশুগৃহৰ উপদেষ্টা নাৰায়ণ বাহেতীয়ে ফুলাম গামোছাৰে আদৰণি জনায় । ইয়াৰ ওপৰিও শিশুগৃহৰ অধীক্ষক প্ৰিয়ংকা শৰ্মা, সম্পাদক অখিল চন্দ্ৰ বৰুৱা, সূৰ্যোদয়ৰ সভাপতি ৰণজিৎ দত্ত, ননী গোপাল দত্ত, দিলীপ কাকতি, ৰূপম দাস, বৰষা বৰঠাকুৰ, ময়ূৰী বাগ, মুকুন্দ বৰাকে ধৰি সকলোৱে আদৰণি জনায় ।

শিশুগৃহৰ কৰ্তৃপক্ষৰ লগতে আন সহযোগী শিশু সকলেও উচুপি উঠিছিল বিদায়ৰ বিয়লি বেলাত।

আনুষ্ঠানিক আন্তৰাষ্ট্ৰীয় দত্তক (Adoption) গ্ৰহণ কাৰ্যসূচী তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ত আদৰ নামৰ সংস্থাটিৰ সৌজন্যত আৰু কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ সহযোগত সম্পন্ন হয়। জিলা উন্নয়ন আয়ুক্ত নয়ন জ্যোতি সভাপণ্ডিত, সহ আয়ুক্ত অপৰূপা বৰগোহাঁই, নিলাক্ষী ভূঞা, জিলা শিশু সুৰক্ষা গোটৰ বিষয়া ৰিজুৱানা তাচমিন হাজৰিকা, জিলা শিশুসুৰক্ষা সমিতিৰ অধ্যক্ষ ভৱানন্দ গোহাঁই, শিশুগৃহৰ সম্পাদক অখিল চন্দ্ৰ বৰুৱাৰ লগতে আদৰৰ সভাপতি ইজৰাইল নন্দই আনুষ্ঠানিক বিদায় অনুষ্ঠানটিত বক্তব্য আগবঢ়াই সমগ্ৰ ৰাজ্যখনৰ বাবে ই এক আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি অভিহিত কৰে। ইতিমধ্যে চাৰিটি শিশুৱে  এক আশাৰ বাটেৰে দিল্লী হৈ পেৰিছ আৰু তাৰপৰা মাল্টা লৈ যোৱাৰ পথত ভৰি দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply