তেজপুৰঃ তেজপুৰত অবৈধ মাৰনাস্ত্ৰৰ  ঝনঝননি ৷ গেলামাল দোকানীৰ হাতত উদ্ধাৰ হ’ল অবৈধ মাৰনাস্ত্ৰ ।

মঙলবাৰে নিশা প্ৰায় ৯ মান বজাত বিশেষ সূত্ৰৰ তথ্য লাভ কৰি বৰঘাট আৰক্ষী চকীৰ  আৰক্ষী বিষয়া সীমান্ত পাঠকে তেজপুৰ বাতমাৰী পেট্ৰল পাম্পত অভিযান চলাই মাৰণাস্ত্ৰসহ দুজন যুৱকক আটক কৰে।

এখন নম্বৰ প্লেট বিহীন টি ভি এছ বাইকেৰে অহা দুই যুৱকে তেল ভৰাবলৈ পেট্ৰ’ল পাম্পত সোমাওতে আৰক্ষীৰ তালাচীত যুৱকদুজনৰ পৰা উদ্ধাৰ হয় এটা  পিষ্টল আৰু চাৰি জাইকৈ  সক্ৰিয় গুলী। জানিব পৰা মতে, যুৱক দুজনৰে এজন গেলামাল দোকানী। ধৃত যুৱকদুজনৰ নাম আশ্ৰাফুল হুছেইন আৰু ছাহজাহান আলী৷ 

উল্লেখ্য যে, তেজপুৰৰ পাঁচমাইল  চেণ্টাৰত গেলামালৰ  দোকানী ছাহজাহানে  কি কাৰণত ক’ৰ পৰা এই মাৰনাস্ত্ৰ লাভ কৰিলে তাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ প্ৰকৃততে ছাহজাহান  গেলামাল দোকানীৰ ৰূপত  ছদ্মৱেশ ধৰি আছে নেকি সেয়া আৰক্ষীৰ জেৰাতহে পোহৰলৈ আহিব ৷ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply