তেজপুৰঃ শোণিতপুৰ আৰক্ষীৰ বৃহৎ সাফল্য । আৰক্ষীৰ জালত পৰিল বান্দৰমাৰী বৰঘোপ অঞ্চলত লাভ জেহাদৰ বলি হোৱা এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাৰ মূল নায়ক ৰেকিবুদ্দিন আহমেদ ।

বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নলবাৰীত সাতদিন বাহৰ পাতি থাকি আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, প্ৰেমৰ নামত তেজপুৰত নিকটৱৰ্তী অঞ্চলত সংঘটিত হৈছিল এক শিহৰণকাৰী চাঞ্চল্যকৰ ঘটনা । লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হ’ল তেজপুৰৰ বান্দৰমাৰী বৰঘোপ অঞ্চলত । তেজপুৰৰ বান্দৰমাৰী বৰঘোপৰ নিৱাসী সন্তোষ দৈমাৰীৰ কন্যা তথা তেজপুৰ চন্দ্ৰ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী হিয়ামনি দৈমাৰীক ঢেকিয়াজুলিৰ দুই সন্তানৰ পিতৃ ৰেকিবুদ্দিন আহমেদে বিবাহৰ প্ৰলোভনেৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰস্তাৱ দি আছিল ।

লগতে পঢ়কঃজল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ উদ্বোধন

যুৱতী গৰাকীয়ে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পিছত মবাইলত ৰেকিবুদ্দিনে ছাত্ৰী গৰাকীক হোৱাটছএপৰ জৰিয়তে ভিডিঅ’ কলিং কৰি ছাত্ৰী গৰাকীৰ নগ্ন ফটো স্ক্ৰীণশ্বট যোগে সংগ্ৰহ কৰি সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰাৰ লগে লগে মানসিক ভাৱে ভাঙি পৰা ছাত্ৰী গৰাকী ৬ আগষ্ট পুৱাৰে পৰা সন্ধান হৈ আছিল ।

পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত বাৰীৰ পিছফালৰ হাবিৰ মাজত অগ্নিদগ্ধ অৱস্থাত যুৱতী গৰাকীয়ে মৃতদেহ উদ্ধাৰ হয় । এই ঘটনাকলৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

অৱশেষত সুদীৰ্ঘ সাতদিনৰ মূৰত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা ৰেকিবুদ্দিনক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে আবছূৰ আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply