তেজপুৰঃ তেজপুৰত ভুৱা প্ৰেমিক আটক। নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাইছিল কাবিআংলঙৰ আকবৰ আলি নামৰ এজন যুৱকে।
তেজপুৰ কুণ্ডাৰবাৰীত সংঘটিত হৈছে এই ঘটনা। কুণ্ডাৰবাৰীৰ নিবাসী ৰঞ্জন শইকীয়াৰ কন্যাক আকবৰ আলিয়ে নিজকে বিকি ৰয় বুলি পৰিচয় দি প্ৰেম পাশত আৱদ্ধ কৰিছিল ।
কেইদিন মানৰ পুৰ্বে যুৱক জনৰ প্ৰকৃত পৰিচয় গম পোৱাত যুৱতী গৰাকীয়ে যুৱকগৰাকীৰ সৈতে প্ৰেম বিচ্ছেদ কৰি পৰিয়লক অৱগত কৰে।
লগতে পঢ়কঃহাজোত ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী
ইয়াৰ পিছতে প্ৰেমিক ৰূপী আকবৰ আলিয়ে যুৱতী গৰাকীক বিভিন্ন ধৰণৰে ব্লেকমেইল কৰিবলৈ চেষ্টা কৰে।
অৱশেষত শুকুৰবাৰে পৰিয়ালৰ সহযোগত কালি একাংশ দল সংগঠনৰ লোকে যুৱকজনক আটক কৰি উত্তম মাধ্যম দি বেবেজীয়া আৰক্ষীক গতাই দিয়ে ।