তেজপুৰঃ ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা আইনৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলক সুলভ মূল্যৰ চাউল যোগান ধৰাৰ ব্যৱস্থা কৰিছে যদিও একাংশই সুলভ মূল্যৰ চাউল যোগান ধৰাত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে। বজাৰত গোপনে বিক্ৰী কৰিছে হিতাধীকাৰীক যোগান ধৰিবলৈ দিয়া সুলভ মূল্যৰ চাউল।

তেজপুৰত সুলভ মূল্যৰ চাউলৰ চোৰাঙকৈ বজাৰত বিক্ৰী কৰা চক্ৰ উৎখাত কৰিছে আৰক্ষীয়ে। তেজপুৰৰ কটকী চুবুৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছে কটকী চুবুৰীৰ গাঁওবুঢ়া ৰঞ্জিত কটকী আৰু বিপুল দাস নামৰ এজন ব্যক্তি। সুলভ মুল্যৰ ১০ কুইণ্টল চাউল এখন বলেৰ’ বাহনত উঠাই বিক্ৰী কৰিবলৈ ল‌ওঁতেই হাতে-লুটে ধৰা পৰে চক্ৰটো। গাঁওবুঢ়া ৰঞ্জিত কটকীৰ পত্নীৰ নামত থকা সুলভ মুল্যৰ দোকানৰ পৰা এই চাউলখিনি বিক্ৰীৰ চেষ্টা চলাইছিল।

মহাভৈৰৱ আৰক্ষীয়ে ইষ্টম’জ’ৰ আগত এই সন্দৰ্ভত কয়, ” ডেকাৰগাঁৱৰ কটকী চুবুৰীৰ সুলভ মূল্যৰ দোকানৰ চাউল চোৰাঙকৈ বজাৰত বিক্ৰী কৰি থকাৰ খবৰ আমি এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত লাভ কৰো। ৰাইজক দিবলৈ চৰকাৰীভাৱে অহা ২২কুইন্টল চাউল তেওঁলোকে বজাৰত বিক্ৰী কৰি আছিল। আমি এক অভিযান চলাই ২০বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হও। চাউলখিনি বজাৰত বিক্ৰী কৰিবলৈ তেওঁলোকে গাড়ীত ভৰাই আছিল।”

লগতে আৰক্ষীয়ে  কয়, সুলভ মূল্যৰ চাউল তেওঁলোকে বেলেগ বস্তাত ভৰাই বিক্ৰী কৰে। চাউলবোৰ পলিচ কৰি বেলেগ বস্তাত ভৰাই বিক্ৰী কৰে।এই চাউলবোৰ অৰুণাচলপ্ৰদেশলৈকে যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply