তেজপুৰঃ তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তগৰ্ত ৰূপকোৱৰী গাঁৱত শুকুৰবাৰে নিশা বৰঘাট আৰক্ষী চকীৰ আৰক্ষী বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত এজন লোকৰ ঘৰৰ পৰা ১৮ টা সন্দেহজনক হেৰ’ইন ভৰ্তি কণ্টেইনাৰ সহ এজনক আটক কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, ৰূপকোৱৰী গাঁৱৰ আব্দুলা আলী নামৰ লোক জনে ১৮ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ ঘৰৰ পিছফালে খেৰৰ মেজিৰ তলত লুকুৱাই থৈছিল।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আব্দুলাক আটক কৰি লৈ আনে ৷ পিছত আৰক্ষীয়ে নিজাববীয়া এক গোচৰ ৰুজু কৰি U/S 21 (b) / 29 NDPS Act অনুসৰি জেল হাজোতলৈ প্ৰেৰণকৰে ৷
উল্লেখ্য যে, অপৰাধীৰ ঘাটী হিচাপে পৰিচিত বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও অপৰাধীৰ অপৰাধ প্ৰৱণতা যেন কমাবলৈ সক্ষম হোৱা নাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply