জামুগুৰিহাটঃ তেজপুৰত আটক চাৰিজন চৰাই চিকাৰী। বনবিভাগে আটক কৰে চিকাৰী কেইটাক।
জানিব পৰা মতে, বিহগুৰি কলিতাগাওঁৰ গৌতম কলিতা , মানস কলিতা , ৰিংকু নাথ আৰু হিৰক বৰা নামৰ সচেতন যুৱক কেইজনে তেওঁলোকৰ এলেকাত চাৰিজন দুস্কৃতিকাৰীয়ে চৰাই চিকাৰ কৰি থকা বিষয়ে প্ৰকৃতি প্ৰেমী তথা সৰ্পবান্ধৱ সৌৰভ বৰকটকীক ফোন যোগে খবৰ দিয়ে।
আৰু পঢ়কঃগৌৰৱ মাহ উপলক্ষে এল জি বি টি কিউ আই এ+ সন্দৰ্ভত ৱেবিনাৰ অনুষ্ঠিত
বৰকটকীয়ে তাৎক্ষণিক ভাৱে বন বিভাগৰ বিষয়াক সেই খবৰ জনাই আৰু বনকৰ্মীক লগত লৈ সেই ঠাইত উপস্থিত হৈ চাৰিওজন চিকাৰীক হাতে – লোটে ধৰা পেলায়।
বনকৰ্মীয়ে যুৱক কেইজনক বন কাৰ্য্যালয়লৈ লৈ যায়। এই সন্দৰ্ভত উক্ত যুৱক কেইজনক সোমবাৰে আদালতত হাজিৰ কৰাব।