তেজপুৰঃ তেজপুৰক নান্দনিক ৰূপত সজাই তোলা ৰাজ্যখনৰ স্বনামধন্য চিত্ৰ – ভাস্কৰ্য্য শিল্পী, গীতিকাৰ জয় চন্দ্ৰ দাস এতিয়া চৰম আৰ্থিক সংকটত পৰিছে। কৰোনা কেন্দ্ৰীক দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ লকডাউনৰ বাবে দীৰ্ঘ দিন ধৰি কোনো ধৰণৰ কাম লাভ নকৰাৰ ফলত হৃদৰোগী শিল্পী গৰাকীয়ে নিজৰ ৰোগৰ ঔষধ ক্ৰয় কৰাৰ সামৰ্থ্য হেৰুৱাই পেলোৱাই নহয় এতিয়া এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হৈছে।
যোৱা বছৰৰ পৰা অব্যাহত থকা কৰোনা অতিমাৰীৰ লকডাউনৰ বাবে শিল্পী গৰাকীৰ জীৱিকাৰ পথ একপ্ৰকাৰ ৰুদ্ধ হৈ পৰিছে। কিয়নো কোনো মূৰ্তি, কোনো তোৰণ বা অন্য কোনো ভাস্কৰ্য্য নিৰ্মাণৰ বিশেষ অৰ্ডাৰ লাভ নকৰা প্ৰায় দুবছৰেই হোৱাত এতিয়া কেবাজনীয়া পৰিয়ালটি চলাবলৈ চৰম আৰ্থিক সংকটত পৰিছে শিল্পী গৰাকী। চৰকাৰৰ শিল্পী পেঞ্চনৰ ৮ হাজাৰ টকাৰে ঘৰখন চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে।
এনে হতাশা – হুমুনিয়াহৰ মাজতে শৰীৰৰ হৃদ ৰোগৰ জটিলতাও ক্ৰমশঃ বৃদ্ধি পাই অহাত ঔষধ কিনিবলৈ ধনৰ অভাৱত পৰিছে শিল্পী গৰাকীয়ে।
আৰু পঢ়কঃসোণাৰিত পথৰ আধাৰশিলা স্থাপন সাংসদ তপন কুমাৰ গগৈৰ
এইগৰাকী মহৎ শিল্পী জয় চন্দ্ৰ দাসৰ যাদুকৰী হাতৰ পৰশতে প্ৰাণ পাই উঠিছিল তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ সন্মুখৰ আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানৰ এই আনন্দ চন্দ্ৰ আগৰৱালাৰ আৱক্ষ মূৰ্তি,তেজপুৰ সাহিত্য সভা ভৱনৰ সন্মূখৰ ৰূপকোঁৱৰ, নটসূৰ্য্য, সাহিত্য কাণ্ডাৰী, দণ্ডিনাথ কলিতা আৰু ব্ৰজনাথ শৰ্মাৰ আৱক্ষ মূৰ্তি,তেজপুৰৰ লম্বোদৰ বৰা পথত থকা জাতীয় শ্বহীদ ভূপেন ডেকাৰ এই পূৰ্ণাবয়ব প্ৰতিমূৰ্তি বিহগুৰি বৰডুবিয়াৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তি, ঢেকীয়াজুলিৰ এই সকল বিয়াল্লিছৰ শ্বহীদৰ বিশেষ মূৰ্তিৰ পৰা অগ্নিগড়ৰ অনুপম চিত্ৰ – ভাস্কৰ্য্যৰ পৰা মহাভৈৰৱ মন্দিৰৰ সন্মুখৰ জয় চন্দ্ৰ দাসৰ পৰশৰ অনুপম চানেকিৰ মূল তোৰণ ।
দেশী- বিদেশী পৰ্যটকে ৰৈ ৰৈ চোৱা গণেশ ঘাটৰ সন্মুখৰ কুন্দত কটা বিশাল তোৰণখনতো নিহীত হৈ আছে জয় চন্দ্ৰ দাসৰে শৈল্পিক নিপুণতা । কলাগুৰুৰ সমাধি সমন্বয় ক্ষেত্ৰৰ নান্দনিক ৰূপ চকু থৰ হৈ যোৱা অনুপম চানেকি জয় চন্দ্ৰ দাসৰ ।এয়া মাথো সামান্য উদাহৰণ তেজপুৰৰ শিল্প – কৰ্মৰ।
তেজপুৰৰ বাহিৰেও গুৱাহাটীৰ শংকৰদেৱ উদ্যান, মদন কামদেৱ দেৱালয়, হাজো, শুৱালকুচিৰ পৰা যোৰহাট, ডিব্ৰুগড় আদি বিভিন্ন প্ৰান্তত কংক্ৰিটৰ মাজত সৃষ্টিৰ সোপান ৰচনা কৰা এই প্ৰসিদ্ধ শিল্পী গৰাকীৰ তেজপুৰ কলিবাৰীৰ জৰাজীৰ্ণ আৱাসগৃহটিতেই পৰিস্ফুট হৈছে শিল্পী গৰাকীৰ আৰ্থিক দৈন্যতাৰ ছবিখন ।
সেয়েহে এনে পৰিস্থিতিত বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীক কিছু আৰ্থিক সাহাৰ্যৰ বাবে আহ্বান জনাইছে শিল্পী গৰাকীয়ে ।