তেজপুৰঃদৰিদ্ৰতাই জীৱনত হাঁহিবলৈ পাহৰালে আনক হঁহুৱা শিল্পীজনক। শতাধিক অসমীয়া চলচ্চিত্ৰ, অসংখ্য ভি চি ডি ছবি, ধাৰাবাহিক আৰু চুটি ছবিত অভিনয় কৰা বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় কৌতুক অমূল্য কাকতিয়ে এই লকডাউনৰ সময়ছোৱাত আৰ্থিক সংকটতত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

একমাত্ৰ অভিনয়কে জীৱন আৰু জীৱিকা হিচাপে লোৱা তেজপুৰ মুঢ়াতেতেলীৰ এই প্ৰসিদ্ধ অভিনেতা গৰাকীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ মাত্ৰ ৮ হাজাৰ টকাৰেই যোৱা বছৰৰ পৰা ক’ভিডসৃষ্ট এই পৰিৱেশত পৰিয়ালৰ সৈতে জীৱন পাৰ কৰিছে।

কিন্তু ওৰেটো জীৱন আনক হঁহুৱাই অহা অসম বাসীৰ অতি মৰমৰ “চিত্ৰ কাই” ৰূপে পৰিচিত অমূল্য কাকতিৰ ইয়াক লৈ নাই কোনো আক্ষেপ।

বিগত লকডাউনৰ সময়ছোৱাত আৱদ্ধ পৰিৱেশৰ মাজতে এইগৰাকী কৌতুক অভিনেতাই এখন বিশেষ চুটি ছবিত প্ৰাণস্পৰ্শী অভিনয় কৰি ৰাইজক কৰোনাৰ আতংকৰ মাজতে কিছু মানসিক খাদ্যৰ যোগান ধৰিছিল।

বছৰৰ বহু কম সময়হে নিজৰ এই ঘৰখনত পাৰ কৰা এইগৰাকী অতি ব্যস্ত অভিনেতাৰ এতিয়া সময়েই সময়। কাৰণ কৰোনা অতিমাৰীৰ বাবে পূৰ্বৰ দৰে চলচ্চিত্ৰ, চুটী ছবি নিৰ্মাণৰ পৰিৱেশ এতিয়া ৰাজ্যখনত নাই।

আৰু পঢ়কঃপাণ্ডুৰ বিবিচি ক’লনীৰ দুটাকৈ বাইলেন কন্টেইনমেন্ট জ’ন ঘোষণা

চলচ্চিত্ৰ, চুটী ছবি নিৰ্মাণৰ কাম বন্ধ হৈ থকাৰ বাবে এতিয়া আৰ্থিক সংকটত পৰিবলগীয়া হৈছে শিল্পীগৰাকী।

“ব’হাগৰ দুপৰীয়া” চিনেমাৰে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলোৱা এইগৰাকী জনপ্ৰিয় অভিনেতাই ভৱেন্দ্ৰ নাথ শইকীয়াৰ “কোলাহল”, “প্ৰতিদান”, “আবেলিৰ বেলি”, “বৰদৈ চিলা”, “বংশধৰ”, “জলাঞ্জলি”, “জোনাকৰে ৰাতি”, “দূৰণিৰ ৰং”, “শেষ উপহাৰ”, “যুগান্তৰৰ তেজাল পুৱা”কে ধৰি শতাধিক অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি অসমীয়া দৰ্শকৰ হৃদয় জয় কৰিছিল।

এইগৰাকী অভিনয় শিল্পীৰ শৈল্পিক সত্ত্বা নিহিত হৈ থকা কাকত সমূহত প্ৰকাশিত সংবাদ ,সম্বৰ্ধনা পত্ৰ আদিৰে ঘৰৰ কোঠা ভৰি থাকিলেও এতিয়া জীৱন সংগ্ৰাম কৰিবলৈয়ে শিল্পীগৰাকী সংকটত পৰিবলগীয়া হৈছে। শিল্পী পেঞ্চনৰ মাত্ৰ ৮ হাজাৰ টকাৰে পৰিয়ালটো পোহপাল দিবলৈ অসমৰ্থ হোৱাত চিন্তিত হৈ পৰিছে শিল্পীগৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply