তেজপুৰঃ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তেজপুৰৰ এগৰাকী দৰিদ্ৰ শিল্পীয়ে লাভ কৰিলে উন্নতমানৰ চিকিৎসা ।

তেজপুৰৰ প্ৰচাৰবিমুখ, অতি দৰিদ্ৰ পৰিয়ালৰ, দুয়োটা ভৰিয়েই অসুস্থ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ চিত্ৰশিল্পী অভিজিৎ মণ্ডলৰ জীৱন গাঁথাৰ ওপৰত প্ৰচাৰিত বাতৰি মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানত বাসগৃহত উপস্থিত হ’ল তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস।
আৰু পঢ়কঃইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল তেজপুৰৰ এগৰাকী শিক্ষয়িত্ৰীয়ে

এতিয়াৰ পৰাই শিল্পী গৰাকীৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰাৰ কথা সাংসদ গৰাকীয়ে সদৰী কৰাৰ লগতে পৰিয়ালটিলৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ কথা অৱগত কৰে।

ইতিমধ্যে সাংসদ গৰাকীৰ তৎপৰতাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অস্থি ৰোগ বিভাগৰ অধ্যাপক ডাঃ দেৱাশীষ বৰাই অভিজিৎ মণ্ডল নামৰ শিল্পী গৰাকীৰ বাসগৃহলৈ আহি চিকিৎসাৰ প্ৰাৰম্ভিক কাম আগবঢ়াই । মুখ্যমন্ত্ৰী গৰাকীৰএই বদান্যতাক তেজপুৰবাসী ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply