তেজপুৰঃ কেৰেলাৰ ত্ৰিবান্দমত ১৮মে’ৰ পৰা ২১ মে’ লৈকে অনুষ্ঠিত হৈ যোৱা 4th National Masters Game ত শোণিতপুৰৰ উষানগৰী তেজপুৰ নিবাসীক্ৰমে ৰূপমনি পটঙ্গীয়াই হামাৰ থ্ৰ’ত সোণৰ পদক, মামু বায়নে হামাৰ থ্ৰ’ত ছিলভাৰ আৰু ট্ৰিপ’ল জাম্পত ব্ৰঞ্জৰ পদক, অঞ্জনা মহন্ত গগৈয়ে হামাৰ থ্ৰ’ত ব্ৰঞ্জৰ পদক, তুলিকা বৰাই চাৰিশ মিটাৰ দৌৰত সোণৰ, দুশ মিটাৰ দৌৰত ছিলভাৰ আৰু ষোল্লশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক, গীতাৰাণী ৰুহি দাসে ট্ৰিপ’ল জাম্পত ব্ৰঞ্জৰ পদক, ৰূপালী বৰাই ডিচকাচ থ্ৰ’ত সোণৰ পদক আৰু জেভেলিন থ্ৰ’ত ছিলভাৰ পদক অৰ্জন কৰি ছয় গৰাকী প্ৰবীন খেলুৱৈয়ে তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

কৰ্মজীৱন তথা ঘৰুৱা দায়িত্ব পালনৰ সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰখনৰে দীৰ্ঘকাল জড়িত হৈ আছে এই সকল প্ৰবীণ খেলুৱৈ। শৈশৱৰে পৰাই বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত থকা এই সকল প্ৰবীণ খেলুৱৈয়ে বিভিন্ন ৰাষ্ট্ৰীয় মঞ্চত বহুকেইটা বঁটা পাবলৈও সক্ষম হৈছে। ছয় গৰাকী প্ৰবীণ খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুকেইটা পদক অৰ্জনৰে উষানগৰী তেজপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনাত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শৈক্ষিকমহলে ভূয়সী প্ৰশংসা কৰে।

লগতে পঢ়কঃসংকটত এছ আই জোনমণি ৰাভা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply