তেজপুৰঃ যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক। আটকাধীন যুৱকজন বিশ্বনাথৰ ডফলাগড়ৰ দীপক মিৰ্ধা। জানিব পৰা মতে, শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত তেজপুৰ ভালুকপুং পথত বালিপৰা সংৰক্ষিত বনাঞ্চলত সোমবাৰে নিশা আন্ধাৰৰ সুযোগ লৈ দীপকে এগৰাকী যুৱতীক বিভিন্ন প্ৰলোভন দি ধৰ্ষণৰ চেষ্টা চলায়।

লগতে পঢ়কঃড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী জালত

ধৰ্ষণৰ চেষ্টা চলাওঁতে যুৱতীগৰাকীয়ে চিঞঁৰ বাখৰ কৰে। সৌভাগ্যবশতঃ সেই ফালেদি আহি থকা কেইগৰাকীমান যুৱকে প্ৰত্যক্ষ কৰি যুৱকজনক চাৰিদুৱাৰ থানাত চমজাই দিয়ে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি অভিযুক্ত দিপক মিৰ্ধাক মঙলবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply