তেজপুৰঃ বিগত দিনবোৰত কোভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ আৰক্ষীয়ে শাস্তি প্ৰদান কৰিছিল। পিছে ইয়াৰ বিপৰীতে আকৌ বৃহস্পতিবাৰে তেজপুৰত দেখা গ’ল আৰক্ষীৰ এক ব্যতিক্ৰমী অভিযান ।
তেজপুৰ বেবেজিয়া আৰক্ষীৰ হাতত এতিয়া বিশেষ গোঁহাৰি পত্ৰ। “এতিয়া সকলো সাৱধান হোৱাৰ সময়, মাক্স পৰিধান কৰক, হাত চাবোন অথবা ছেনিটাইজ কৰি পৰিস্কাৰ কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, বিনা কাৰণত ঘৰৰ বাহিৰলৈ নোলাব, গৰম পানী ব্যৱহাৰ কৰক, ঘৰতে থাকক সুৰক্ষিত হৈ থাকক, পৰিয়ালক সুৰক্ষিত কৰি ৰাখক, আপোনাৰ চৰকাৰে বান্ধি দিয়া নীতি নিয়ম সমূহ মানি চলি প্ৰশাসনক সহযোগিতা কৰক। ” এনে গোঁহাৰি পত্ৰ লৈ পথচাৰী আৰু যান বাহন আৰোহীক এনেদৰে সজাগতা সৃষ্টি কৰিলে তেজপুৰ আৰক্ষীয়ে।
আৰু পঢ়কঃভাল খবৰ! এতিয়াৰ পৰা নিজেই ঘৰতে কৰিব পাৰিব ক’ভিডৰ পৰীক্ষা
অকল তেজপুৰ চহৰতেই নহয় তেজপুৰৰ পাৰ্শ্বৱৰ্তী সকলো অঞ্চলতেই এনেদৰে সজাগতা অভিযান চলালে তেজপুৰ আৰক্ষীয়ে।
বিগত দিন কেইটাত গাড়ীৰ চকাৰ পাম্প খুলি, জৰিমনা বিহি, লাঠিৰে কোবাই, কাণত ধৰি উঠা বহা কৰি কোভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলাই একপ্ৰকাৰ ভাগৰি পৰা তেজপুৰ আৰক্ষীৰ এই প্ৰশংসনীয় পদক্ষেপক সকলোৱে ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে।