তেজপুৰঃ তেজপুৰৰ এজন যুৱকৰ দুৰ্বিষহ জীৱন। ২০বছৰ ধৰি হাতত হাতুৰি , বটালি লৈ মৰ্গত ৭ হাজাৰৰো অধিক মৃতদেহ কটা ছিঙা কৰা বাবু কলিতা নামৰ দুৰ্ভগীয়া যুৱকজনে আজিলৈকে নাপালে কোনো চৰকাৰী সাহাৰ্য্য।

বাবুয়ে দৈনিক পাঁচৰ পৰা আঠটা মৃতদেহ কটা ছিঙা কৰাৰ লগতে মৰা ভৰলীৰ বালিত পুতি আহিছে মৃতদেহ।

১২ বছৰ বয়সতে বাবুৰ মাতৃ সুমিত্ৰা কলিতাৰ বিয়োগৰ পিছত পিতৃ কাৰ্ত্তিক কলিতাই নিজৰ ডিঙি কাটি মৃত্যুক সাৱতি লৈছিল ।

তেতিয়াই তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সুধন্য কলিতাই তেজপুৰ কনকলতা চিকিৎসালয়ত অনাথ বাবুক আশ্ৰয় দিছিল।

আৰু পঢ়কঃজামুগুৰিহাটত পথ দুৰ্ঘটনা! আহত তিনিজন

কেইবছৰ মান বাবুৱে চিকিৎসালয়খনত চাফাই কৰ্মী হিচাপে থকাৰ পিছত চিকিৎসালয়খনৰ মৰ্গত মৃতদেহ কটা ছিঙা কাম আৰম্ভ কৰে।

বিগত বিশ বছৰত ৭ হেজাৰৰো অধিক মৃতদেহ মৰোনোত্তৰ কালত কটা ছিঙা কৰাৰ লগতে অসংখ্য অচিনাক্ত মৃতদেহ মৰাভৰলী বালিত পোটাৰ দ্বায়িত্ব লৈ আহিছে বাবুয়ে।

কিন্তু এই দুৰ্ভগীয়া যুৱকজনে আজিলৈকে নাপালে চৰকাৰৰ পৰা কোনো সাহাৰ্য্য । আৰক্ষী আৰু চিকিৎসালয় কৰ্তৃপক্ষই আগবঢ়োৱা মাত্ৰ ২৫০০টকাৰে পত্নী আৰু দুই সন্তানক লৈ বাবুৱে পৰিয়াল ভৰণ-পোষণ কৰিব লগা হৈছে।

চৰকাৰক বিভিন্ন সময়ত অনুনয় বিনুনয় কৰি আহিছে যদিও আজিলৈকে কোনো সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা নাই বাবু কলিতা নামৰ এই দুভগীয়া যুৱক জনে । এই সন্দৰ্ভত চৰকাৰী পক্ষক গুৰুত্ব দিৱলৈ আহ্বান জনাইছে বাবু কলিতাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply