তেজপুৰঃ হঠাৎ অসুস্থ হৈ পৰা জামুগুৰিহাটৰ প্ৰবীণ চলচিত্ৰ অভিনেতা তথা নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকীক অসম চৰকাৰৰ তৰফৰ পৰা চিকিৎসাসেৱা প্ৰদান কৰাৰ অন্তত কিছু আৰোগ্য লাভ কৰে।

চিকিৎসাৰ অন্তত শিল্পীজন সংগীয়া মাজৰ চুকস্থিত স্ব-গৃহত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

জি এম চি এইচত মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত নতুন জীৱন লাভ কৰিলে বুলি উল্লেখ কৰি শিল্পীগৰাকীৰ লগতে পৰিয়ালবৰ্গই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ, স্বাস্থ্য বিভাগ, চলচিত্ৰ নিগম, বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ জিলা প্ৰশাসন, ৰাজ্যৰ সকলো শুভাকাংক্ষীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰখনৰ দীৰ্ঘায়ু কামনা কৰে ৷

লগতে পঢ়কঃগাওঁবুঢ়া পদৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা নকৰাত গোৰেশ্বৰত তীব্ৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে বিগত মাহৰ ১৯ তাৰিখে নিশা হঠাৎ জনতাৰ শিল্পীগৰাকী নিজ বাসগৃহতে অসুস্থ হৈ পৰাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল চিকিৎসকে ৷

শিল্পীগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰীভাৱে শিল্পীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰি শিল্পীগৰাকীক আৰোগ্য কৰি নতুন জীৱন প্ৰদান কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply