YouTube video

তেজপুৰঃ তেজপুৰৰ নিকটৱৰ্তী বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত খলিহামাৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি অঞ্চলটিত উত্তেজনা পূৰ্ণ পৰিস্থিতি।

তিনি ভাই- ককায়েকে স্থানীয় এগৰাকী ব্যক্তিৰ পাঁচ বিঘাতকৈও অধিক মাটি দখল কৰি সেই ব্যক্তিজনৰ পৰিয়ালক দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহাৰ ঘটনাক কেন্দ্ৰ কৰি আজি অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

আনহাতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা একাংশ সাংবাদিককো আক্ৰমণ কৰিবলৈ উদ্যত হয় অভিযুক্ত তিনি ভাই ককায়ে। উল্লেখ্য যে, অঞ্চলটোৰ আইজুল হক নামৰ লোক এজনৰ পাঁচ বিঘাতকৈও অধিক ভূমি একেটা অঞ্চলৰে আব্দুল আজিজ, আব্দুল কাদিৰ আৰু আব্দুল জলিল নামৰ লোক কেইজনে দীৰ্ঘ দিন ধৰি দখল কৰি আহিছিল।

আৰু পঢ়কঃএতিয়া ধৰ্মনিৰপেক্ষ দল হৈ থকা নাই কংগ্ৰেছ দল : জুৰি শৰ্মা বৰদলৈ

এই সংক্ৰান্তত স্থানীয় বৰঘাট আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল। এনেদৰে এজাহাৰ দিয়াৰ পিছতেই তিনি অভিযুক্তই বাৰম্বাৰ আইজুলৰ পৰিয়ালৰ ওপৰত নানান ধৰণৰ অত্যাচাৰ চলাই আহিছিল বুলি সাংবাদিকক জনোৱাৰ পিছত আজি একাংশ সাংবাদিক সেই স্থানত উপস্থিত হোৱাৰ পিছতেই অভিযুক্ত পক্ষই সাংবাদিক সকলকো আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত অঞ্চলটোত এনেদৰে উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

আৰক্ষীক এজাহাৰ দাখিলৰ পিছতো অভিযুক্ত পক্ষৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়ালৈকে কিয় বিহিত ব্যৱস্থা হাতত লোৱা নাই সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply