তেজপুৰঃ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰৰ পৰা আৰম্ভ হৈছে মাহজোৰা বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা। একেৰাহে ২২ বছৰ ধৰি বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা আয়োজন কৰি আহিছে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰবীণ শিল্পীৰ উপস্থিতিত জাতীয় শ্বহীদ বাকৰিত আছুৰ বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত কেইবা শতাধিক শিশুৰ লগতে কিশোৰ-কিশোৰীয়ে অংশ গ্ৰহণ কৰে।
কেবাগৰাকীও দক্ষ বিহুৱা আৰু নাচনীয়ে প্ৰশিক্ষক হিচাবে অংশগ্ৰহণ কৰা তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থা আহুত এই কৰ্মশালা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিশিষ্ট গীতিকাৰ – সুৰকাৰ তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু অমূল্য কাকতি বঁটা প্ৰাপক প্ৰবীণ শিল্পী সচ্চিদানন্দ বৰাই।
লগতে পঢ়কঃআজিৰে পৰা পাঁচদিনীয়াকৈ বটদ্ৰৱা থানত দৌল উৎসৱ আৰম্ভ
তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰৰ পৌৰোহিত্যত সম্পাদক দেৱাঞ্জন পাঠকে আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটিত বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাই ভাষণ প্ৰসংগত কয়, ”লোক জীৱনত বিহুৰ যি পৰম্পৰা আছিল ইয়াৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি পূৰ্বতে অনুভৱ নাছিলো কিন্তু এতিয়া বিহুৰ শুদ্ধ ৰূপ ধৰি ৰাখিবলৈ প্ৰশিক্ষণ কৰ্মশালা আদিৰ প্ৰয়োজন আহি পৰিছে ।”
প্ৰবীণ বিহুৱা জান তালুকদাৰ, বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈ, নাট্যকাৰ পুলক কুমাৰ ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নিতুল বৰা, লোক শিল্পী লক্ষী শইকীয়া, মান্না বৰুৱা, বসন্ত শইকীয়া, প্ৰণৱ মহন্তকে ধৰি একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এনেদৰে অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানটিত অমূল্য কাকতি বঁটা প্ৰাপক প্ৰবীণ শিল্পী সচ্চিদানন্দ বৰাই অসমীয়া জাতীয় জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ লোক উৎসৱ বিহু আমি পালন কৰাৰ লগতেই নতুন প্ৰজন্মক এই বিষয়ে বিশদভাৱে অৱগত কৰা উচিত বুলি মন্তব্য কৰে। প্ৰশিক্ষক সকলে প্ৰথম দিনটোতে বিহু নাচ আৰু ঢোলবাদনেৰে কেনেদৰে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰে । আনহাতে এই মাহজোৰা কৰ্মশালাৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নিতুল বৰাই সংবাদ মাধ্যমৰ আগত কৰ্মশালা সন্দভ্ত মন্তব্য কৰে। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰেও এই কৰ্মশালা সন্দৰ্ভত মন্তব্য কৰে ।