তেজপুৰঃ প্ৰথমে পৰকীয়া প্ৰেম । তাৰ পিছত শাৰীৰিক সম্পৰ্ক আৰু অশ্লীল ফটো সংগ্ৰহ। এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ বাৰিকা চুবুৰিত।
নিজকে বিজেপিৰ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি বুলি পৰিচয় দিয়া ফাৰজিন হাছানে( ৰিন্টু) নিজৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা ৰাজা আলিৰ পত্নী ফাৰহিন খানৰ সৈতে প্ৰথমে প্ৰেমৰ অভিনয় কৰি বহুবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।
লগতে পঢ়কঃকোনে, কি কাৰণত ডিম্পলক হত্যা কৰিলে
ম’বাইলত অশ্লীল ফটো সংগ্ৰহ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকি দি কেইবা লাখ টকা লুটিলে ফাৰজিন হাচানে ।
বাৰে বাৰে ফটো ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে ধন দাবী কৰা লোক জনৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত মহিলা গৰাকীয়ে এজাহাৰ দাখিল কৰিছিল যদিও কোনো সুবিচাৰ নাপাই তেজপুৰৰ সাংবাদিকৰ সহায় বিচাৰি সমগ্ৰ ঘটনা বিৱৰণী দিয়ে আৰু সহায় বিচাৰে ।