তেজপুৰঃ সৰুৰে পৰাই চিত্ৰ অংকনৰ প্ৰতি বিশেষ ভাৱে আকৰ্ষিত আছিল যুৱকজন। সেই আৰ্কষনেই পৰৱৰ্তী সময়ত তেওঁক লৈ গ’ল সফলতাৰ উচ্চ শিখৰলৈ।
যুৱকজনৰ নাম ৰোনাল ৰাজবংশী। শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ এক্স পুলিচ লাইনৰ স্থানীয় বাসিন্দা।
ৰোনাল ৰাজবংশীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মাৰ চিত্ৰ অংকন কৰি নাম অন্তৰ্ভুক্ত কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত।
এই চিত্ৰকৰজনে নদীৰ শিলত জীৱ-জন্তুৰ চিত্ৰ অংকন কৰিয়ো মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ৰোনাল ৰাজবংশীৰ এই কৃতিত্বত তেওঁৰ পৰিয়ালৰ লগতে অঞ্চলবাসীয়ো উৎফুল্লিত হৈছে।
ৰোনাল ৰাজবংশী পেছাত এগৰাকী শিক্ষক।