তেজপুৰঃ তেজপুৰত  চাঞ্চল্যকৰ  ঘটনা।  নৱজাতক সন্তানৰ মৃত্যু হোৱা বুলি পিতৃ-মাতৃক জনাই গোপনে বিক্ৰি কৰিলে নৱজাতকক।

যোৱা ২৭মে’ত তেজপুৰৰ কেতেকীবাৰীৰ পুনম গুপ্তাই তেজপুৰৰ এখন নাৰ্ছিং হোমত এটি পুত্ৰ সন্তান জন্ম দিয়ে।

কিন্তু জন্মৰ পাছতেই শিশুটিৰ মৃত্যু হোৱা বুলি পুনমৰ লগতে পৰিয়ালক হস্পিতালৰ ফালৰ পৰা জনায়। পুনমৰ স্বামী ৰিকি কুৰ্মীয়ে আশাকৰ্মী গৰাকীক ফোনযোগে যোগাযোগ কৰাত ক’ভিডৰ বাবে হস্পিতালত পত্নীৰ খবৰ লবলৈ যাবলৈ নোৱাৰিব বুলি বাধা আৰোপ কৰে।

দেওবাৰে পুনম ঘৰলৈ ঘুৰি অহাৰ পিছত পুনমৰ স্বামী ৰিকিয়ে হৰিশ পাৰিখ নামৰ এজন লোকৰ সহযোগত অনুসন্ধান কৰাতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে।

ৰিকিয়ে হস্পিতাল খনলৈ গৈ মৃত্যু হোৱা নৱজাতক সম্পৰ্কে তথ্য বিচৰাত পুনমৰ কোনো সন্তান জন্ম হোৱাৰ তথ্য নাই বুলি জানিব পৰাত ৰিকিয়ে সমগ্ৰ ঘটনা সম্পৰ্কে কছাৰী গাঁও আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে।

এজাহাৰ দাখিলৰ পিছতে দেওবাৰে দেৱাশীষ বৰঠাকুৰ নামৰ এজন লোকে ফোনযোগে পুনমৰ স্বামী ৰিকি কুৰ্মীক যোগাযোগ কৰে।

দেৱাশীষ বৰঠাকুৰে পুনমৰ নৱজাতক শিশুটি নিয়াৰ কথা স্বীকাৰ কৰাই নহয় সোমবাৰে দুপৰীয়া শিশুটিক পুনমৰ হাতত গটাই দিবলৈ লৈ আহে। কিন্তু সেই সময়তে ৰাইজে কৰায়ত্ব কৰি দেৱাশীষক আৰক্ষীক চমজাই দিয়ে।

সম্প্ৰতি কছাৰী গাওঁ আৰক্ষীয়ে আশাকৰ্মী গৰাকীৰ লগতে অভিযুক্ত দেৱাশীষ বৰঠাকুৰক নিজৰ জিম্মালৈ নি তদন্ত আৰম্ভ কৰিছে।

আৰু পঢ়কঃধুবুৰীৰ DSP যতীন দাসক ছিন্ডিকেটত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply