তেজপুৰঃ কৰোণাৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে শোণিতপুৰৰ স্বাস্থ্য বিভাগে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। বজাৰে সমাৰে আকস্মিক ভাৱে কৰোণা পৰীক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।
চহৰখনৰ বিভিন্ন প্ৰান্তত পৰীক্ষা কৰিবলৈ অমান্তি হোৱা লোকক আৰক্ষীয়ে ধৰি ধৰি পৰীক্ষা কৰোৱাইছে । কোনো সাৰি যাব পৰা নাই স্বাস্থ্যকৰ্মীৰ এই অভিযানৰ পৰা। কোনো লোকে আতংকিত হৈ পলাই যাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে বাধ্য কৰাইছে পৰীক্ষা কৰিবলৈ।
আৰু পঢ়কঃদেশত দুমাহৰ ভিতৰত সৰ্বনিম্নলৈ নামিল ক’ভিড আক্ৰান্তৰ সংখ্যা
গাড়ীত অহা লোক আৰু ক’ভিড প্ৰটকল ভংগকাৰী সকলৰ ওপৰত স্বাস্থ্যকৰ্মী সকলে অধিক আগ্ৰাসী হৈ সম্পন্ন কৰিছে কৰোণা পৰীক্ষা ।
এই অভিযানত কেইবা গৰাকীও লোকৰ শৰীৰত কৰোণা ৰোগ ধৰা পৰে। সোমবাৰে চহৰখনৰ গাৰোৱান পট্ৰি, পৰোৱা বজাৰ, চক বজাৰ, হজৰাপাৰ আদি অঞ্চলত চলে কৰোণা পৰীক্ষাৰ এই অভিযান।