তেজপুৰঃ তেজপুৰত কৰোনা ভেকচিনৰ অভাৱত ৰাইজৰ মাজত হাহাঁকাৰ।
নিশা ১২ বজাৰ পৰা কোভিড টিকাকৰণ কেন্দ্ৰত ভেকচিনৰ বাবে শাৰী পাতিছে শ শ ৰাইজে ।
কিনকিনিয়া বৰষুণৰ মাজতো নিশা ভেকচিনৰ বাবে শাৰী পাতিছে তেজপুৰৰ ভিন্ন প্ৰান্তৰ দূৰ দূৰনিৰ পৰা অহা বহুলোকে অথচ নিশা বাৰ বজাৰ পৰা শাৰী পাতিও ভেকচিন পোৱা নাই বহু ৰাইজে।
আৰু পঢ়কঃমাজুলীত দাৰে আৰক্ষীক আক্ৰমণ
ডিপোটা নতুন স্বাস্থ্য কেন্দ্ৰটোত ভেকচিন নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
কোভিড টিকাকৰণ কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন নথকাৰ ফলত ৰাইজ উত্তেজিত হৈ পৰিছে।
এইদৰে নিশা বাৰ বজাৰ পৰা শাৰি পাতিও ভেকচিন নাপাই ৰাইজ মাজত তীব্ৰ ক্ষোভ ।
সেয়েহে ভেকচিনৰ সংখ্যা বঢ়োৱাৰ বাবে চৰকাৰক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।