তেজপুৰঃ শোণিতপুৰ জিলা নৌকা স্বাস্থ্য সেৱাৰ তত্বাৱধানত চলিছে ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী। শোণিতপুৰ জিলাৰ লংকেটাপুত উপস্থিত হৈছেগৈ ‘চেন্টাৰ ফৰ নৰ্থ ইষ্ট এণ্ড পলিচী ৰিচাৰ্ছৰ’ স্বাস্থ্য বিষয়া সকল।
অসম চৰকাৰৰ সহযোগত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে গ্ৰাম্যাঞ্চলৰ পৰা চহৰাঞ্চলৈ, চহৰাঞ্চলৰ পৰা চৰ অঞ্চললৈ সাম্প্ৰতিক ক’ভিড নিৰ্মূলৰ বাবে গ্ৰহণ কৰিছে ক’ভিড টিকাকৰণৰ বৃহৎ কাৰ্যসূচী।
যোগাযোগ আৰু জনসংযোগ ব্যৱস্থাৰ পৰা বিচ্ছিন্ন হৈ থকা চৰ চাপৰিৰ জনতাক এই স্বাস্থ্য সেৱক সকলে স্বাস্থ্য , সজাগতা ইত্যাদিৰ ক্ষেত্ৰত লোৱা ভূমিকা জিলাখনতে বিৰল।
লংকেটাপুত প্ৰায় দুইশৰো অধিক লোকক ক’ভিড টিকাককৰণৰ দিয়া ব্যৱস্থাই স্থানীয় লোকক উৎসাহিত কৰিছে আৰু সংক্ৰামক ক’ভিডৰ বিষয়ে জানিবলৈ উৎসুক হৈছে।
লগতে পঢ়কঃবিধায়ক আৱাসৰ পৰা চোৰে নিলে বিধায়কৰ চাইকেল
জিলা প্ৰকল্প বিষয়া মৌচুমী দুৱৰাৰ নেতৃত্বত পোন্ধৰজনীয়া এটি অভিজ্ঞ টিমে এই ক্ষেত্ৰত এক অভূতপূৰ্ব সংগ্ৰামী ভূমিকা লৈ আহিছে ।
উজনিৰ পৰা নামনিলৈকে থকা অভিজ্ঞ কৰ্মচাৰী সকলৰ সান্নিধ্যৰে টিমটোৱে স্বাস্থ্য সেৱাৰ লগতে চৰচাপৰিৰ বিশৃংখল জীৱনকো শৃংখলিত কৰিব পাৰিছে।
প্ৰসূতিৰ পৰা ৰোগীলৈকে ভেকচিন পাব পৰাকৈ দলটোৰ যি জনস্বাস্থ্য বিধিক চৰ চাপৰিত প্ৰদান কৰাত সফল হৈছে।
কিন্তু লক্ষণীয় যে বিগত কেইবামাহো ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই দলটো তথাপিও মানৱসেৱাৰ স্বাৰ্থত তেওঁলোকে নিৰবচ্ছিন্ন ভাৱে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি আছে।