তেজপুৰঃ সাধু, সন্ত, পদপথৰ মগনীয়া, ভিক্ষুক কৰোনা পৰীক্ষা কৰি কোভিড ভেকচিন প্ৰদান শোণিতপুৰ জিলা প্ৰশাসনৰ।
ৰাজ্যখনৰ ভিতৰত প্ৰথম বাৰৰ বাবে শোণিতপুৰ জিলা প্ৰশাসন আৰু স্বাস্হ্য বিভাগে তেজপুৰৰ স্বেচ্ছাসেৱী সংগঠন “সৃষ্টি দ্য ক্ৰীয়েশ্যনৰ সহযোগত মহাভৈৰৱ মন্দিৰৰ সন্মুখৰ হৰিসভা পূজা মণ্ডপ প্ৰাংগনত বিশেষ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে।
তেজপুৰৰ বিভিন্ন প্ৰান্তত অনাই বনাই ঘুৰি ফুৰা সাধু – সন্ত, পদপথৰ মগনীয়া, ভিক্ষুক একত্ৰিত কৰি তুলিলে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন “সৃষ্টি দ্য ক্ৰীয়েশ্যনে” ।
সততে আমাৰ সমাজত উপেক্ষিত হৈ অহা এই লোকসকলৰ সুৰক্ষিত স্বাস্থ্যৰ কথা ভাবি শোণিতপুৰ জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ জৰিয়তে এজন এজনকৈ কৰোনা পৰীক্ষা কৰি কৰোনাৰ প্ৰতিষেধ প্ৰদান কৰে।
আৰু পঢ়কঃপুত্ৰ পত্নীৰ সৈতে নিশাটো কটাই যোৰহাটত মাকক লগ পাবলৈ যাত্ৰা অখিল গগৈৰ