তেজপুৰঃ তেজপুৰৰ বৰপক্ষীয়াঝাৰ পথাৰৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত চিৰাল ফাট৷ যাৰ ফলত মূৰে কপালে হাত দিছে কৃষকে৷ বৃহত্তৰ পক্ষীয়াঝাৰৰ অঞ্চলটোত নাই জলসিঞ্চনৰ কোনো ব্যৱস্থা৷ ভাদ মাহৰ খৰাং বতৰত পানীৰ অভাৱৰ বাবে শালি খেতিত কৃষকে ক্ৰয় কৰি দিছে পানী৷

দৰিদ্ৰ কৃষক সকলে গাঠিৰ ধন ভাঙি শালি খেতি কৰিছে যদিও দেখা পোৱা নাই লাভৰ মুখ৷ অঞ্চলটোৰ কৃষক সকলে খেতি পথাৰত ধান ৰুলেও নিৰ্ভৰ কৰিব লাগে বতৰৰ ওপৰত৷ লহপহকৈ বাঢ়ি অহা শালি খেতিত চিৰাল ফাটৰ বাবেই খেতি নষ্ট হোৱাৰ উপক্ৰম হৈছে৷ কিন্তু অঞ্চলটোৰ কৃষক সকলে পোৱা নাই চৰকাৰী সুবিধা৷ জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবেই কৃষক সকলে কৰিব পৰা নাই বিজ্ঞান সন্মতভাৱে খেতি পথাৰ৷ এতিয়া উপায়হীন কৃষকে অঞ্চলটোত এখন পানী যোগান আঁচনি স্থাপন কৰাৰ আহ্বান জনাইছে চৰকাৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply