তেজপুৰঃশাওণৰ পথাৰত ব্যস্ত কৃষক। পথাৰত আলি দিয়া, কঠীয়া তোলা, মৈ দিয়া আদি বিৰামহীন কামৰ মাজত ব্যস্ত হৈ পৰিছে খেতিয়কসকল ।
আহাৰ মাহত কৃষক সকলে কপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সেউজীয়াৰ সপোন ৰচে কিন্ত এইবাৰ বৰষুণৰ অভাৱত কৃষক সকলে আহাৰ মাহৰ পৰিবৰ্তে শাওণ মাহত আৰম্ভ কৰিছে কৃষিকাৰ্য।
তেজপুৰৰ কৃষক ৰাইজ যাতে কৃষি বিভাগৰ অভিলাষী আঁচনিৰ পৰা লাভাম্বিত হয় তাৰ বাবে উন্নতমানৰ কৃষি বীজ যোগান ধৰি বিভিন্ন সহযোগিতা কৰিছে কৃষি বিভাগে।
খেতি পথাৰত নামি ধানৰ ভুই ৰোপন কৰাত সহায় কৰিছে কৃষিবিষয়া সকলে ।
লগতে পঢ়কঃIndia book of records ত নাম অন্তৰ্ভুক্ত কৰিলে শিৱসাগৰৰ এগৰাকী যুৱতীয়ে
বহুতো অসুবিধাৰ সন্মুখীনহৈও কৃষি বিভাগৰ সহযোগিতাক শেষ সম্বল হিচাপে লৈ ভৰা শাওণৰ পথাৰত এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলাইছে চহা গ্ৰাম্য কৃষকে ।
আগন্তুক দিনত এমুঠি অধিক সোণগুটি পোৱাৰ আশাৰে তেজপুৰৰ কৃষক ৰোৱনীসকল নামি পৰিছে নিজৰ সপোনৰ খেতি ডৰাত ।