তেজপুৰঃ তেজপুৰত এছ এছ বি আৰু সেনাবাহিনীৰ নামত চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰাত নামিল তেজপুৰৰ এজন বিহুৱা আৰু সেনাবাহিনীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী।

তেজপুৰৰ বিশিষ্ট বিহুৱা তথা বিহু সুৰক্ষা সমিতিৰ নেতা বিনয় বৰা আৰু তেওঁৰ সম্পকীয় দৰ্শনা ভৰদ্বাজে সেনাবাহিনী আৰু এম ই এচত চাকৰি দিয়াৰ নামত নিজৰ সম্পৰ্কীয় ভাাগিন পাৰ্থপ্ৰতীম বৰাৰ লগতে তেজপুৰৰৰ চানমাৰি, বেচেৰিয়াৰ পৰা চাৰি লাখৰ পৰা চাৰি লাখ পঞ্চাশ হাজাৰ টকালৈ চাকৰি দিয়াৰ প্ৰলোভন দিছিল।

লগতে পঢ়কঃমাজুলীত বিজেপি, মাজুলী জিলা সমিতিৰ জিলা কাৰ্যালয়ৰ শুভ উদ্বোধন

দৰ্শনা ভৰদ্বাজে ৯জন যুৱকৰ পৰা টকা লৈ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আনকি ভুৱা নিযুক্তি পত্ৰৰে ট্ৰেইনিং দিয়াৰো ব্যৱস্থা কৰিছিল। সম্পূৰ্ণ প্ৰক্ৰিয়াটো ভুৱা বুলি গম পোৱাত যুৱক কেইজনে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যুৱককেইজনৰ এজাহাৰৰ ভিত্তিত ২৪৯১/২১ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪০৬ /৪২০/৩৪( আই পি চি ) তদন্ত চলাই আছে যদিও বৰ্তমান দৰ্শনা ভাৰদ্বাজ পলাতক অৱস্থাত থকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে। ইতিমধ্যে বিনয় বৰাই বেবেজীয়া আৰক্ষী চকীত আত্মসমৰ্পন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply