তেজপুৰঃ তেজপুৰৰ গোপীনাথ বৰদলৈ মানসিক গৱেষণা প্ৰতিষ্ঠানত কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু ।
জানিব পৰা মতে, তেজপুৰৰ গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ত কৰ্মৰত মন্টু নাথ নামৰ জোৱান জনক তেওঁৰ সহকৰ্মী জিতু নাথ নামৰ জোৱানজনে তেওঁক আনি দিয়া সুৰা পান কৰাৰ পিছতেই অসুস্থ হৈ পৰে।
লগতে পঢ়কঃঅসম-মেঘালয়ৰ সীমা বিবাদকলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক
অৱশেষত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় মন্তু নাথৰ।
বটলটোত সুৰাৰ সলনি কীটনাশক ঔষধ আছিল বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।
এইয়া পৰিকল্পিত ভাবে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰি উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে মন্তু নাথৰ পৰিয়ালে।