তেজপুৰঃজীৱনৰ এছোৱা সময় দেশৰ নামত উৎসৰ্গা কৰা এজন স্বাধীনতা সংগ্ৰামীৰ জীৱন সংগ্ৰাম।
বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহি দেশৰ মুক্তি যুদ্ধত জপিয়াই পৰিছিল তেজপুৰৰ দেৱপ্ৰসাদ ৰাভাই।
কিন্তু দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰৰ পিছতো আজিলৈকে কোনো চৰকাৰী স্বীকৃতি নাপালে দেৱপ্ৰসাদ ৰাভাই।
শতায়ু গৰকা এইগৰাকী মুক্তি যোদ্ধাই তেজপুৰৰ ঘগৰাত এটা উৰুখা পঁজাত দিন কটাইছে। তেওঁৰ বয়স ১০৮ বছৰ। দুৰ্বল শৰীৰ,স্মৃতিশক্তি ধূসৰ। তথাপি আন্দোলনৰ কিছু টুকুৰা স্মৃতি তেওঁ আজিও ৰোমন্থন কৰে।
বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশৰ মুক্তি যুদ্ধত অৱতীৰ্ণ হোৱা দেৱপ্ৰসাদ ৰাভাই ব্ৰিটিছৰ অত্যাচাৰো সহিব লগা হৈছিল।
লগতে পঢ়কঃছিপাঝাৰৰ ঘোঁৰাবান্ধাত থকা SBI ৰ এ টি এমত চুৰি কাণ্ড
‘৬২ৰ চীনা আগ্ৰাসনৰ সময়তো দেৱপ্ৰসাদ ৰাভা আছিল শান্তি বাহিনীৰ সদস্য। চীনে তেজপুৰ দখল কৰিবলৈ আগবাঢ়ি অহাৰ সময়ত চীনা সৈন্যই যাতে বোমাৰে উৰুৱাই দিব কৰিব নোৱাৰে তাৰবাবে শান্তি বাহিনীৰ সদস্যই তেজপুৰৰ মূল ডাকঘৰ, ভাৰতীয় ষ্টেট বেংক আৰু ৰেল ষ্টেচনৰ নামফলকবোৰ মোহাৰি পেলাইচিল।
সেই স্মৃতি এতিয়াও সজীৱ হৈ আছে দেৱপ্ৰসাদ ৰাভাৰ মানসপটত। দেশৰ বাবে তেওঁ আগবঢ়োৱা নিঃস্বাৰ্থ অৱদানে আজিও কোনো স্বীকৃতি নাপালে। চৰকাৰ অথবা কোনো দল সংগঠনে দেৱ প্ৰসাদ ৰাভাৰ সেই ত্যাগক মৰ্যাদা দিয়া নাই।
১০৮ বছৰ বয়সত তেজপুৰৰ ঘগৰাত এটা উৰুখা পঁজাত দৰিদ্ৰতাৰ মাজেৰে দিন কটাইছে দেৱপ্ৰসাদ ৰাভাই।