তেজপুৰঃ তেজপুৰৰ ঐতিহাসিক স্থান দ – পৰ্বতীয়াৰ দেৱীসিং ঘাটৰ অস্তিত্বৰ প্ৰতি প্ৰবল ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই।
অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ অন্যতম সংযোজন দেৱী সিং ঘাটত এইবাৰ হোৱা প্ৰবল গৰাখহনীয়াই অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে এই গৰাখহনীয়াৰ কবলত দেৱী সিং ঘাট উদ্যানখন সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলা উপায়ুক্ত গোপেশ চন্দ্ৰ দাসৰ লগতে জিলা প্ৰশাসনৰ লোক সকলে দেৱীসিং ঘাটৰ খহনীয়া স্থলী পৰিদৰ্শন কৰে।
আৰু পঢ়কঃনামনি মাজুলীৰ চামগুৰিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰীৰ পলায়ন
অতি সোনকালে দেৱীসিং ঘাটৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ।
তেজপুৰ চহৰৰ নিকটৱৰ্তী ঐতিহাসিক স্থান হিচাপে পৰিগণিত তথা দেশী – বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ স্থলী এই দেৱী সিং ঘাটলৈ এইবাৰ বুঢ়া লুইতে প্ৰবল ভাবুকি কঢ়িয়াই আনিছে।
বিগত দিন কেইটাত লুইতৰ বাঢ়নী পানীয়ে ক্ৰমশঃ খহাই অনাৰ পিছত বৰ্তমানে ইয়াৰ অস্তিত্ব এনেদৰে নিঃশেষ হৈ পৰাটো নিশ্চিত হৈ পৰিছে। বহু বছৰ ধৰি এই খহনীয়া অব্যাহত আছে যদিও এইবাৰ ইয়াৰ প্ৰকোপ অধিক বৃদ্ধি পাইছে ।