তেজপুৰঃকোভিড পৰিস্থিতিৰ বাবে বহুদিন বন্ধ হৈ আছিল নাটক -ভাওনা ৷ ক্ৰমান্বয়ে নিয়ন্ত্ৰণলৈ আহিছে ৰাজ্য়ৰ কোভিড পৰিস্থিতি।

মংগলবাৰে নিশা তেজপুৰলৈ পুনৰ যেন উভতি আহিল নাটকৰ পৰিবেশ ৷ সাংস্কৃতিক নগৰী তেজপুৰত মংগলবাৰে ভূপেন হাজৰিকা কলা ভূমিত মঞ্চস্থ হ’ল নটসূৰ্য ফণী শৰ্মা বটা প্ৰাপক ঐশ্বৰ্য কাকতিৰ ৰচিত-পৰিচালিত নাটক ”ধুমুহাতো জ্বলি আছে বন্তি গছি”৷

প্ৰবীণ অভিনেতা অৰুণ নাথকে ধৰি ভালে কেইগৰাকী শিল্পীৰ মন পৰশা অভিনয় উপভোগ কৰিলে তেজপুৰবাসী ৰাইজে ৷

লগতে পঢ়কঃআইবা বক্সিং চেম্পিয়নশ্বিপ ২০২১ : ছেমি ফাইনেলত প্ৰৱেশ আকাশ কুমাৰৰ

নাটকৰ পূৰ্বে অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, প্ৰবীণ শিল্পী নিপন গোস্বামী, পুলক গগৈ, নয়ন প্ৰসাদ সিদ্ধাৰ্থ শৰ্মা । শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে লোকগীত পৰিবেশন কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply