তেজপুৰঃ বৰঘাট অঞ্চলত দীৰ্ঘদিনে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে যুৱ চামৰ মাজত। তাৰে সুবিধা লৈ একাংশই গোপনে কৰি গৈছে ড্ৰাগছৰ ৰমৰমীয়া চোৰাং ব্যৱসায়। শোণিতপুৰ জিলাৰ বৰঘাট আৰক্ষীৰ বিশেষ সফলতা। বৰঘাট আৰক্ষী চকীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি ৰাজভড়াল গাঁৱৰ পৰা ৩৬টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আবুল হুছেইন ।

লগতে পঢ়কঃধৰ্ষণ কাণ্ডৰ তিনি মাহ উকলি যোৱাৰ পাছতো ধৰ্ষণকাৰীক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে

পেচাত মিস্ত্রী আবুল হুছেইনে বহুদিন ধৰি ঘৰৰ পাছফালে জংঘলত লুকোৱাই ৰাখিছিল ড্ৰাগছখিনি।
আবুল হুছেইনৰ মতে, তেওঁ নগাঁৱৰ ইক্ৰামুল হুছেইনৰ সৈতে বহুদিন ধৰি মিস্ত্ৰী কাম কৰি গৈছিল ।বন্ধু ইক্ৰামুল হুছেইনে জব্দকৃত ড্ৰাগছ খিনি আবুল হুছেইনক বিক্ৰী কৰিবলৈ দিছিল। ইয়াৰ পিছতে প্ৰায় ৩০ হাজাৰ টকাৰ মূল্যৰ ড্ৰাগছখিনি ঘৰত নাৰাখি জংঘলত লকুৱাই থৈছিল ।
কিন্তু আকস্মিক ভাবে বৰঘাট আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় ড্ৰাগছখিনি। বৰ্তমান আবুল হুছেইনক আৰক্ষীয়ে আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply