তেজপুৰঃ অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী তেজপুৰ সংমণ্ডলৰ এক আজৱ ঘটনাই সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে৷ তিনিমাহ ধৰি বানপানীৰ কবলত পৰি নিজৰ ঘৰবাৰী ত্যাগ কৰি বসবাস কৰি থকা এজন লোকে লাইটৰ বিল দেখি হতবাক হৈ পৰিল৷
ভুক্তভোগীৰ অভিযোগ অনুসৰি, তেজপুৰ চহৰৰ নতুন কলিবাৰী হনুমান মন্দিৰ অঞ্চলটোত প্ৰায় তিনিমাহ ধৰি বানপানীৰ কবলত। বানপানীৰ ফলত তেওঁলোকে অন্য ঠাইত আশ্ৰয় লৈ আছিল। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমা ৰেখা তলৰ লোক সকলৰ ঘৰত সংযোজন কৰিছিল সুলভ মূল্যৰ কাৰেণ্ট৷ কিন্তু আশ্চৰ্যকৰ বিষয়তো হ’ল যে তিনিমাহ ধৰি বানপানীৰ কবলত পৰি পদপথত অস্থায়ী ভাবে বসবাস কৰি মাত্ৰ চাৰি-পাঁচ দিন পূৰ্বে নিজ গৃহত প্ৰৱেশ কৰিয়ে বিদ্যুত বিভাগৰ পৰা ৬৬৯ টকাৰ এখন বিল লাভ কৰি হতভম্ব হৈ পৰিল।
উল্লেখনীয় বিষয়তো হ’ল পৰিৱৰ্তনৰ শ্লোগানেৰে দিয়া বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলক নতুন নতুন আঁচনি ৰূপায়ণ কৰি মোহাচন্ন কৰাৰ পিছত এনেদৰে তিনিমাহ ধৰি বিজুলী ব্যৱহাৰ নকৰা পিছতো এমাহত প্ৰায় সাতশ টকাৰ বিল বিদ্যুৎ বিভাগে কিহৰ ভিত্তিত দিলে বুলিও প্ৰশ্ন উত্থাপন কৰে স্থানীয় ৰাইজে৷