তেজপুৰঃ শোণিতপুৰ জিলাৰ বৰঘাট অঞ্চলত দীৰ্ঘদিনে চলি আছে ড্ৰাগছৰ আৰু নকল সোণৰ ৰমৰমীয়া ব্যৱসায়। ড্ৰাগছৰ প্ৰতি যুৱ চামৰ মাজত দিনক দিনে আসক্তি বৃদ্ধি পাব ধৰিছে। তাৰে সুবিধা লৈ একাংশই গোপনে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া চোৰাং ব্যৱসায়। বৰঘাট অঞ্চলত চলি থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান গঢ়ি তুলিছে বৰঘাট আৰক্ষীয়ে।
লগতে পঢ়কঃঘিলামৰা দক্ষিণগাঁৱত পুখুৰীত পৰি মৃত্যু হ’ল ১৪মহীয়া শিশুৰ
শোণিতপুৰ জিলাৰ বৰঘাট আৰক্ষীচকীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি দিকৰাইজান গাঁৱৰ কাছেম আলী নামৰ লোকজনৰ ঘৰৰ পৰা তিনিখন নকল সোণৰ বিস্কুটসহ, ৬টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে আৰক্ষীয়ে কাছেম আলী আৰু তেওঁৰ পত্নী ছালমা বেগম লোককো আটক কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।