তেজপুৰঃ লকডাউনে চহা জীৱনৰ লোকসকলৰ জীৱনলৈ নমাই আনিছে তীব্ৰ ভাবুকি । অসমীয়া সমাজৰ পৰম্পৰা খোল , তাল , ভাওনাৰ লগতে নামগোৱাক বৃত্তি হিচাপে লৈ পৰিয়াল পোহপাল দি আহিছে একাংশ লোকে। লকডাউনৰ সময়চোৱাত এইসকল লোক অভাৱনীয় অৰ্থ-সংকটত পৰিছে।

মিলনবাকৰি ৰাস মহোৎসৱৰ মুল বায়ন তথা ডিপোতা মিলনপুৰ অঞ্চলৰ বীৰেন কলিতা নামৰ লোক জন সকলোৰে পৰিচিত । লকডাউনৰ সময়চোৱাত এই বায়ন জনেও আৰ্থিক সংকটত দিন পাৰ কৰিছে।

আৰু পঢ়কঃদৰিদ্ৰতাই জীৱনত হাঁহিবলৈ পাহৰালে আনক হঁহুৱা শিল্পীজনক

বয়সে হাৰ মনাব নোৱৰা এই বায়ন গৰাকীয়ে তেজপুৰৰ ইমুৰৰ পৰা সিমুৰলৈ খোলটো লৈ নাম-কীৰ্তন, ভাওনা আদি কৰি পোৱা কেইটামান টকাৰে পৰিয়াল পোহপাল দি আহিছে।

এই খোলটো তেওঁক উপহাৰ দিছিল তেজপুৰৰ তদানীন্তন সাংসদ আৰ পি শৰ্মাই ।

পিছে বৰ্তমান কোভিড সৃষ্ট পৰিবেশৰ বাবে বায়নজন এতিয়া অৰ্থৰ সংকটত পৰিবলগীয়া হৈছে।

বায়নৰ ওপৰিও তেওঁ কাঠৰ কাম, ৰাজমিস্ত্ৰী কৰিও পেট প্ৰবৰ্তাই আছিল। সেই সমূহ কামো এতিয়া তেওঁ লাভ কৰা নাই।

অতি কম বয়সৰ পৰা খোলবাদনৰ লগত জড়িত বায়ন গৰাকীয়ে আজি পৰ্যন্ত কোনো সাহাৰ্য্য লাভ কৰা নাই । চৰকাৰ,জনপ্ৰতিনিধিক সহায়ৰ বাবে আহ্বান জনাইয়ো আজিলৈকে কোনো সহাঁৰি নাপালে শিল্পীজনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply