তেজপুৰঃ তেজপুৰত পুনৰ সংঘটিত হৈছে অমানৱীয় ঘটনা।
পুখুৰীত বিহ দি দুৰ্বৃত্তই হত্য়া কৰে শ শ মাছ। তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়ামগুৰি নিবাসী একিন আলীয়ে যোৱা কিছু বছৰ ধৰি ৪বিঘা মাটি কালিৰ পুখুৰীটোত মৎস্য পালন কৰি সৰু ৫ জনীয়া পৰিয়ালটো পোহপাল দি আছিল।
ঘটনা সন্দৰ্ভত একিন আলিয়ে জনোৱা মতে কিছু বছৰ পূৰ্বে চুবুৰীয়া নিবাসী নুৰজামাল হকৰ সৈতে ভূমি আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিবাদ চলি আছিল।
পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি এই বিবাদক কেন্দ্ৰ কৰি নুৰজামাল আৰু তেওঁৰ পৰিয়ালে একিন আলীৰ একমাত্ৰ উপাৰ্জনৰ উৎস পুখুৰীটোত বিহ ঢালি পুখুৰীটোৰ শ শ মাছ হত্যা কৰি তেওঁৰ উপাৰ্জনৰ পথ বন্ধ কৰাৰ চেষ্টা কৰে।
লগতে পঢ়কঃকৃষ্ণৰ বন্দনাত মুখৰিত হ’ল কামপুৰ ৰাসপথাৰ
যাৰ ফলত পুখুৰীৰ মাছ মৰাৰ বাবে প্ৰায় ৫লক্ষাধিক টকাৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয় একিন আলী। পুখুৰীটোৰ পানী বিষক্ৰিয়া হৈ পুখুৰীৰ সৰু-ডাঙৰ মাছৰ লগতে সাপ-ভেকুলী,কীট-পতংগয়ো মৃত্যু হৈছে।
আৰক্ষী প্ৰশাসনে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ক্ষোভ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে ।
এই ঘটনাক স্থানীয় আমছু কৰ্মীয়ে তীব্ৰভাৱে গৰিহণা দিয়াৰ লগতে দোষীক অনতিপলমে শাস্তি প্ৰদানৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।