তেজপুৰঃ ৰাজ্যত বানপানীয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ডিপোতা নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে তেজপুৰৰ বিভিন্ন অঞ্চল। ডিপোটা ন আলি, মোৱামাৰি, বিহগুৰি, বেচেৰীয়া, গণক চুবুৰী, পিঠাখোৱাকে ধৰি বিস্তৃত অঞ্চলত বানে বুৰাই পেলাইছে বাসগৃহ, ৰাস্তা-পদূলী। আনকি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে বাঢ়নী পানীৰ ঢল।

লগতে পঢ়কঃঅনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে যোৰহাট-মাজুলী ফেৰীসেৱা

বানৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ বিভিন্ন অসুবিধা সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। খাদ্য সামগ্ৰীৰ নাটনিৰ লগতে পশুধনৰো খাদ্যৰ সংকটতে দেখা দিছে। আনকি হাঁহ -কুকুৰা,পশুধন সকলো বানত উটি গৈছে। চৰকাৰৰ সাহাৰ্য্যৰ পৰাও বঞ্চিত গাওঁবাসী। এতিয়া গাঁওবাসীয়ে কলৰ ভূৰ সাজি খাদ্য সামগ্ৰী আৰু খোৱা পানী কঢ়িওৱা দেখিবলৈ পোৱা গৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply