তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভদীয়া বানৰ সংহাৰ। ভদীয়া বানে কালৰূপ ধৰি এফালৰ পৰা ঘৰ দুৱাৰ উঠাই নিয়াৰ সংবাদে জনসাধাৰণক আতংকিত কৰি তোলাৰ মাজতেই তেজপুৰ চহৰৰ গাতে লাগি থকা বিভিন্ন অঞ্চলৰ লগতে মিছন চাৰিআলি, চানমাৰী,তলগেৰেকী,বিষ্ণুপ্ৰসাদ ৰাভা সমাধি ক্ষেত্ৰ, হনুমান মন্দিৰৰ সমীপৰ কলিবাৰী চুকতো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ৩০ ঘৰৰো অধিক লোকৰ ঘৰবাৰী সম্পূৰ্ণ বুৰাই পেলাইছে।

লগতে পঢ়কঃমৰিগাৱৰ মায়ং ভূৰাগাৱত বানৰ তান্ডব, বৰডোবাটুপত,বৰদিয়াত দুটা শিশুৰ মৃত্যু

জনসাধাৰণে নিজৰ ঘৰ দুৱাৰ এৰি পথৰ দাঁতিত আশ্ৰয় ল’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইটোৰ পিছত সিটো ঘৰ পানীৰ মাজত আৱদ্ধ হৈ পৰিছে । এই সমস্যা এইবাৰৰে নহয়, প্ৰতি বছৰেই খিলঞ্জীয়া এই লোকসকলে এনে বানপানীৰ সমস্যাত জীয়াতু ভূগি আহিব লগা হৈছে।

ইয়াৰ স্থায়ী সমাধান নোহোৱাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এই বাসিন্দা সকলৰ জীৱন দুৰ্বিসহ কৰি তুলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply