তেজপুৰঃ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ব্যস্ততাৰ অন্ত নোহোৱা হৈছে লোকবাদ্য নিৰ্মাণ কৰা শিল্পীসকলৰ। তেজপুৰৰ বেচেৰিয়াতো লোক বাদ্য নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে থলুৱা শিল্পী পুস্পেন্দ্ৰ বৰা। পেঁপা, বাঁহী, সুতুলী, গগণা ইত্যাদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে শিল্পী গৰাকী। শিল্পী গৰাকীয়ে কেৱল ম’হৰ শিঙৰ পেঁপাৰ বাহিৰেও গৰু শিং, কাঠ, বাঁহৰ পৰা পেঁপা নিৰ্মাণ কৰিছে।

নিজে তৈয়াৰ কৰা ২৩ ফুট দীঘল বাঁহী বজাই  ৰঙালী বিহুক আদৰিবলৈ সাজু তেজপুৰৰ বয়োজেষ্ঠ তথা বিশিষ্ট শিল্পী পুস্পেন্দ্ৰ বৰা আৰু পত্নী  যামিনী বৰা ।  তেজপুৰৰ শিল্পী গৰাকীয়ে বিহুৰ সকলো বাদ্যযন্ত্ৰ নিজে সাজি নানা সুৰত বজাই বিহুৰ সুৰ দিয়াত ব্যস্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো লোকবাদ্য প্ৰস্তুত কৰা শিল্পী সকল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply