তেজপুৰঃ বিভিন্ন প্ৰতিভাৰ জৰিয়তে আকাশ চোৱাৰ হেপাঁহ শোণিতপুৰ জিলাৰ তেজপুৰস্থিত ডেউৰীগাঁৱৰ নিবাসী তথা মহৰ্ষি বিদ্যা মন্দিৰৰ সপ্তম মানৰ ছাত্ৰী কৃষ্টি বৰঠাকুৰৰ।
সংগীতৰ ক্ষেত্ৰখনত তিনি দশক অতিক্ৰম কৰা তেজপুৰৰ শিল্পী পিতৃ নিৰূপ বৰঠাকুৰ আৰু তেজপুৰৰ এগৰাকী সাস্কৃতিক ক্ষেত্ৰখনত জড়িত থকা মাতৃ চান্তা বৰঠাকুৰৰ একমাত্ৰ জীয়াৰী কৃষ্টি ।
পাঁচ বছৰৰ পৰাই পিতৃ-মাতৃৰ অনুপ্ৰেৰণাৰ জৰিয়তে ছবি, সংগীতৰ লগতে নৃত্যৰ প্ৰশিক্ষণ লৈ বিভিন্ন সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে আকাশ চুবলৈ সপোন দেখিছে কৃষ্টিয়ে । কিন্তু তাৰ বাবে লাগিব অদম্য চেষ্টা আৰু ধৈৰ্য্য ।
লগতে পঢ়কঃলাইলাপুৰত আত্মবলিদান দিয়া ৬গৰাকী আৰক্ষী জোৱানলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ
বৰ্তমান লকডাউনৰ সময়চোৱাত বিদ্যালয়সমূহ বন্ধ হৈ পৰাত নিজৰ পঢ়া শুনাৰ উপৰিও কৃষ্টিয়ে আজৰি সময়ত ঘৰতে আৱদ্ধ থাকি পিতৃ-মাতৃৰ অনুপ্ৰেৰণাত ছবি আঁকি, সংগীত আৰু নৃত্যৰ অনুশীলন অব্যাহত ৰখাৰ এক উৎকৃষ্ট উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে । যাতে তেওঁক চৰ্চা কৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে যেন অবাবত সময় নষ্ট নকৰি নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ অনুশীলন কৰে যেন।
তেৰ বছৰীয়া কৃষ্টিয়ে নৃত্য-গীতৰ লগতে ছবি অংকণ কৰি বহুকেইটা বঁটা পাবলৈ সক্ষম হৈছে । তাৰেভিতৰত ২০১৯ বৰ্ষৰ ১৫ আগষ্টৰ দিনা তেজপুৰ চাৰ্চ ফিল্ডত জাতীয় সংগীত পৰিবেশন কৰি শোণিতপুৰ জিলা উপায়ুক্তৰ হাতৰ পৰা বঁটা লবলৈ সক্ষম হৈছে।
তাৰোপৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত নৃত্য-গীতৰ জৰিয়তে উৰিষ্যাতো বঁটা পাবলৈ সক্ষম হৈছে। বহু প্ৰতিভাসম্পন্ন কৃষ্টিৰ এনে পাৰদৰ্শিতাৰ বাবে অঞ্চলবাসীয়ে বহু শলাগ লয়।